Show/Hide Keyboard Layout

পৰ্বততে ফুলিলে

- জ্যোতিপ্ৰসাদ আগৰৱালা

পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি

ৰেণুৰে বোলালি তই কুমলীয়া হাত ।

 

অ’ ভৈয়ামৰ সোণামোৱা কিনো কৰ গুণি গাঁথি

লেখি লেখি সেউজীয়া পাত ।

 

বনে মইনা সেউজীয়া

গছে মইনা সেউজীয়া

পাতে মইনা সেউজীয়া পাত

মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি

মাতিছে মিঠা মিঠা মাত ।

 

আমনে জিমনেকৈ 

থাকনো তই কিয় ঐ

গালতেনো দিয় কিয় হাত

হাঁহ অ’ মোৰ মইনা

হাঁহ অ’ হাঁহ ।

 

ভালেনো পাওঁ চাবলৈ

ৰঙা ওঁঠৰ হাঁহিৰ স’তে

জিকিমিকি দুয়োপাৰি দাঁত ।।

Hits: 1975